প্ৰয়োজনীয়তাবোৰ
WordPress চলাবলৈ আমি আপোনাৰ হ’ষ্টে তলত দিয়াখিনি সমৰ্থন কৰাৰ পৰামৰ্শ দিওঁ — কাৰ্যক্ষমতা আৰু সুৰক্ষাৰ বাবে এক নিৰাপদ, আধুনিক ভিত্তিৰেখা।
HTTPS
প্ৰতিটো ইনষ্টলৰ বাবে প্ৰয়োজনীয়।
আপোনাৰ ছাইটৰ সংযোগ এনক্ৰিপ্ট কৰে। HTTPS এইকাৰণে গুৰুত্বপূৰ্ণ
সঁচাকৈ সিমানেই। WordPress চলোৱাৰ বাবে আটাইতকৈ শক্তিশালী আৰু সুবিধাযুক্ত ছাৰ্ভাৰ হিচাপে Apache বা Nginx-ৰ পৰামৰ্শ দিয়া হয়, কিন্তু PHP আৰু MySQL সমৰ্থন কৰা যিকোনো ছাৰ্ভাৰেদি হৈ যায়। আপোনাৰ ছাইটটো স্থাপন কৰাৰ — আৰু চলোৱাৰ — আটাইতকৈ সুচল অভিজ্ঞতাৰ বাবে হ’ষ্টিং পৃষ্ঠাত থকা প্ৰতিটো হ’ষ্টে কোনো সমস্যা নোহোৱাকৈ ওপৰোক্ত সকলো আৰু তাতোকৈ অধিক সমৰ্থন কৰে।
PHP এক্সটেনশ্যনৰ বিস্তাৰিত পৰামৰ্শৰ বাবে হ’ষ্টিং-সম্বন্ধীয় হাতপুথি চাওক।
লিগেচী সংস্কৰণবোৰত চলি আছেনে?
WordPress এতিয়াও PHP 7.4+ আৰু MySQL 5.5.5+ত চলিব, কিন্তু সেই সংস্কৰণবোৰৰ জীৱনচক্ৰ আধিকাৰিকভাৱে সমাপ্ত হৈছে আৰু সেইবোৰে আপোনাৰ ছাইটলৈ সুৰক্ষা-সম্বন্ধীয় দুৰ্বলতা কঢ়িয়াই আনিব পাৰে। আপগ্ৰে’ড কৰাটো দৃঢ়ভাৱে পৰামৰ্শমূলক।
আপোনাৰ হ’ষ্টক WordPress চলাবলৈ কওক
যদি আপুনি নিশ্চিত নহয় যে আপোনাৰ হ’ষ্টে ইতিমধ্যে WordPress চলাব পাৰে নে নাই, তেন্তে ইয়াত এটা অনুৰোধ দিয়া হৈছে যিটো আপুনি কপি কৰি পঠিয়াব পাৰে:
মই মুক্ত উৎসৰ WordPress <https://wordpress.org/> ৱেব ছফ্টৱেৰ চলাবলৈ আগ্ৰহী আৰু মই ভাবি আছিলোঁ যে মোৰ একাউণ্টত তলত দিয়াখিনি সমৰ্থিত হয় নে নহয়:
- PHP 8.3 বা তাতকৈ ওপৰৰ
- MariaDB version 10.11 or greater OR MySQL version 8.0 or greater
- mod_rewrite মডিউলৰ সৈতে Nginx বা Apache
- HTTPS সমৰ্থন
ধন্যবাদ!
প্ৰয়োজনীয় নহয় যদিও উন্নত সুৰক্ষাৰ বাবে পৰামৰ্শমূলক
হ’ষ্টিং অধিক নিৰাপদ হয় যেতিয়া PHP এপ্লিকেশ্যন, যেনে WordPress, ছাৰ্ভাৰৰ ডিফ’ল্ট ভগাই লোৱা ব্যৱহাৰকাৰী-নামৰ সলনি আপোনাৰ একাউণ্টৰ ব্যৱহাৰকাৰী-নাম ব্যৱহাৰ কৰি চলোৱা হয়। আপোনাৰ সম্ভাব্য হ’ষ্টক সুধিব যে তেওঁলোকে আপোনাৰ একাউণ্টৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কি পদক্ষেপ লয়।