WordPress.org

সন্দৰ্ভ

আমাৰ অভিযান:

প্ৰকাশনৰ গণতন্ত্ৰীকৰণ

গঢ়ি তোলাৰ স্বাধীনতা। সলনি কৰাৰ স্বাধীনতা। ভাগ-বতৰা কৰাৰ স্বাধীনতা।

আমাৰ কাহিনী

WordPress আৰম্ভ হৈছিল 2003 চনত যেতিয়া মাইক লিটিল আৰু মেট মুলেনৱেগে b2/cafelog-ৰ এটা ফ’ৰ্কৰ সৃষ্টি কৰিছিল। তেতিয়াও এক মাৰ্জিত, সুস্থাপিত ব্যক্তিগত প্ৰকাশনৰ ব্যৱস্থাৰ প্ৰয়োজন স্পষ্ট আছিল। আজি PHP আৰু MariaDB-ৰ ঊৰ্ধ্বত WordPress নিৰ্মিত আৰু GPLv2-ৰ অধীনত লাইচেন্স কৰা হৈছে। লগতে ই ৱেব-জুৰি আটাইবোৰ ছাইটৰ 43%-তকৈ অধিকৰ পছন্দৰ প্লেটফৰ্ম।

দক্ষ, উৎসাহী বিকাশকাৰী, ডিজাইনাৰ, বিজ্ঞানী, ব্লগাৰ আৰু বহুতৰ দ্বাৰা সমৰ্থিত—WordPress মুক্ত উৎসৰ প্ৰকল্পটো সময়সাপেক্ষে প্ৰগতিশীলভাৱে বিকশিত হৈছে। WordPress-এ যিকোনো ব্যক্তিক সৃষ্টি আৰু ভাগ-বতৰা কৰাৰ সুযোগ প্ৰদান কৰে, হাতেৰে লিখিত চমু আখ্যানৰ পৰা আৰম্ভ কৰি বিশ্ব পৰিৱৰ্তন কৰা আন্দোলনলৈকে।

সীমিত প্ৰযুক্তিগত অভিজ্ঞতা থকা লোকে ইয়াক “আৰম্ভণিৰ পৰাই কোনো অসুবিধা নোহোৱাকৈ” ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পাকৈত লোকে ইয়াক উল্লেখযোগ্য ধৰণে কাষ্টমাইজ কৰিব পাৰে।

আমাৰ অভিযান

WordPress সকলোৰে বাবে ডিজাইন কৰা হৈছে।

আমাৰ বিশ্বাস যে শ্ৰেষ্ঠ ছফ্টৱেৰে সহজলভ্যতা, কাৰ্য্যদক্ষতা, নিৰাপত্তা আৰু ব্যৱহাৰৰ সৰলতাক প্ৰাধান্য দি একেবাৰে কম ছেট আপেৰে কাম কৰিব লাগে। প্ৰাথমিক WordPress ছফ্টৱেৰটো সহজ-সৰল আৰু অনুমানযোগ্য, যি উন্নতি আৰু সাফল্যৰ বাবে শক্তিশালী সা-সুবিধা আগবঢ়ায়।

WordPress হৈছে মুক্ত উৎসৰ ছফ্টৱেৰ।

প্ৰকাশনৰ আৰু মুক্ত উৎসৰ সৈতে অহা স্বাধীনতাবোৰৰ গণতন্ত্ৰীকৰণৰ ধাৰণাক এই প্ৰকল্পত সহযোগিতা আৰু অৱদান আগবঢ়োৱা লোকৰ এক বৃহৎ সমাজে সমৰ্থন কৰে।

WordPress হৈছে আন্তৰিক আৰু অন্তৰ্ভুক্তিমূলক।

আমাৰ অৱদানকাৰীসকলৰ উৎসাহে WordPress-ৰ সফলতাক আগুৱাই লৈ যায় আৰু সেইটোৱেই আগলৈ আপোনাক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। WordPress-ৰ অৱদানকাৰীসকলে সমগ্ৰ বিশ্বতে কাম কৰে আৰু যিকোনো ব্যক্তিকেই কণ্ঠস্বৰ প্ৰদান কৰা সঁজুলিটোক গঢ় দিবলৈ অগণন সময় উছৰ্গা কৰিছে।

চাৰিটা স্বাধীনতা

WordPress is licensed under the General Public License (GPLv2 or later) which provides four core freedoms:

0

যিকোনো উদ্দেশ্যৰ বাবে প্ৰ’গ্ৰামটো চলোৱাৰ স্বাধীনতা।

1

প্ৰ’গ্ৰামটোৱে কিদৰে কাম কৰে সেয়া অধ্যয়ণ কৰি নিজৰ ইচ্ছা অনুসৰি ইয়াক সাল-সলনি কৰাৰ স্বাধীনতা।

2

পুনৰ্বিতৰণ কৰাৰ স্বাধীনতা।

3

আপোনাৰ পৰিৱৰ্তিত সংস্কৰণবোৰ আনৰ মাজত বিতৰণ কৰাৰ স্বাধীনতা।

বিশদ বিৱৰণ

GPL আৰু আনবোৰ নীতিৰ পটভূমিৰ বিতং তথ্য জানি লওক।

জনসাধাৰণ

সমাজৰ বিষয়ে, আমি কেনেকৈ মিলি থাকোঁ আৰু আমাৰ গৌৰৱ প্ৰকাশ কৰোঁ সেইবিষয়ে জানি লওক।