১৭ এপ্ৰিল (ইংৰাজী: 17 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৭তম (অধিবৰ্ষত ১০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৮টা দিন বাকী থাকে।
- ১৯৫৩ - কম্বোডিয়াই ফৰাচী সকলৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৭৯০ - বেঞ্জামিন ফ্ৰেংকলিন, আমেৰিকাৰ লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, সঙ্গীতজ্ঞ, উদ্ভাৱক, ৰাষ্ট্ৰপ্ৰধান, কৌতুকবিদ, গণআন্দোলনকাৰী আৰু কূটনীতিবিদ।
- ১৯৭৫ - ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। (জন্ম: ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ)
- ২০০৪ - কে এছ সৌম্যা, ভাৰতীয় অভিনেত্ৰী।
- ২০১০ - ভি. এছ. ৰমাদেৱী, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৪ - গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
- বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ।